Friday, 9 February 2018

Assamese Poem By Parash Porag Dutta


মোৰ স্বপ্ন প্ৰদেশৰ
অদৃশ্য আকাশী ৰথেৰে নামি অহা
টলকা চকুৱা সেই মেঘালী চুলিৰ
ধুনীয়া ছোৱালী জনী,
তোমাক ভাল লাগে.!!
সপোনত তোমাক
চুই চাবলৈ কিনো ভয় লাগে নাজানো
লাজে লাজে গৈ কব খোজোতেই
কিয় জানো মোৰ টুপনি ভাঙে!!
সুধিবলৈ মন যায় তোমাক
আচলতে মেঘালী চুলিৰ ভাজত
এমুঠি মৰম ৰাখিছা কাৰ বাবে!!

-       পৰশ পৰাগ দত্ত



Wednesday, 7 February 2018

Assamese Sad Poem By Parash Porag dutta


মেঘাচ্ছ্ন্ন আকাশত জোনাকৰ জোন জ্বলাই
কোনে কাৰ বুকুত খামুচি ধৰিছিল!!
নীলা চাদৰত সপোনবোৰ কোনে আঁকিদিছিল
সন্ধিয়াৰ আকাশলৈ  নিৰবে কোনে চাইছিল
কাৰ বাবে কোনে আশাৰ চাকি জ্বলাৰ সপোন দেখিছিল
হয়তো তুমি নুবুজিলা!!
তোমাক হৃদয়ৰ শুৱনী কুঠাত চিৰদিন
মৰমে মেৰিয়াই ৰাখিবলৈ হয়তো
সেয়া মোৰ ভুল আছিল..!!
প্ৰতাৰণা কৰি এৰি গলা অন্ধকাৰ সানি
আঁজোৰি নিলা জোনাকৰ চাকি
এবাৰো নাভাবিলা কিদৰে বা আছো জীয়াই
তোমাৰ স্মৃতিবোৰ সামৰি!!