মেঘাচ্ছ্ন্ন আকাশত জোনাকৰ জোন
জ্বলাই
কোনে কাৰ বুকুত খামুচি ধৰিছিল…!!
নীলা চাদৰত সপোনবোৰ কোনে আঁকিদিছিল
সন্ধিয়াৰ আকাশলৈ নিৰবে কোনে চাইছিল
কাৰ বাবে কোনে আশাৰ চাকি জ্বলাৰ
সপোন দেখিছিল
হয়তো তুমি নুবুজিলা…!!
তোমাক হৃদয়ৰ শুৱনী কুঠাত চিৰদিন
মৰমে মেৰিয়াই ৰাখিবলৈ হয়তো
সেয়া মোৰ ভুল আছিল..!!
প্ৰতাৰণা কৰি এৰি গলা অন্ধকাৰ
সানি
আঁজোৰি নিলা জোনাকৰ চাকি
এবাৰো নাভাবিলা কিদৰে বা আছো
জীয়াই
তোমাৰ স্মৃতিবোৰ সামৰি…!!
No comments:
Post a Comment