Wednesday, 7 August 2019

চুটি চাপৰ সেই ছোৱালী জনী
হৰিণী নয়না তাই
তাই অপূৰ্ব সঁচাই…!!
নীলা চকুযুৰিৰ সিপাৰে চোৱাচোন এবাৰ
বৈ গৈছে এখন নদী ভালপোৱাৰ..!!
পাৰত বিৰিণাই হাঁহিছে
কঁহুৱাবোৰেও জাৰণি দিছে…!
কাজল সনা চকুযুৰি তাইৰ
যেন বিজুলী….
লাৱনী দেহাৰ লাৱণ্য চুলিটাৰী মনোৰমা
গোটেইজনী যেন হালধীয়া জোনবাইৰ মালিতা….!!
বৰহমথুৰীয়া ওঁঠযুগলৰ যেন নিমন্ত্ৰণহে
তাইৰ ভালপোৱাৰ নদীয়েদি বৈ যাবলৈ
দুৰ দিগন্তলৈ অনন্তকাললৈ…!!
মন যায় মোৰো তাইৰ ভালপোৱাৰ নদীত
উটি ভাঁহি যাবলৈ
তাইৰ প্ৰেমড় প্লাৱনত বেদনাবোৰ
উটুৱাই দিবলৈ
তাইৰ প্ৰেমৰ নদীত মোৰ দুখৰ পোছাকযোৰ


ধুই লবলৈ…!!


No comments: