Tuesday, 28 November 2017

Admin Post (Premor Mohotto)

যদিও মই তোমাৰ প্ৰেমিক নহয়
তোমাক লৈ লিখি দিব পাৰো এটি
সাংঘাতিক প্ৰেমৰ কবিতা
লিখিদিব পাৰো এটা বিৰহ বিচ্ছেদৰ
জিবন্ত কবিতা!!
ওৰে নিশা আশাবোৰ অন্তৰত উজাগৰে থাকে,
তোমাৰ নৃত্যুৰ লয়লাসত বিমুগ্ধ হৈ!!
প্ৰেমিক প্ৰেমৰ জগতত অনন্য,
মই কাৰো প্ৰেমিক নহলেও বুজি পাওঁ

প্ৰেমৰ মহত্ব.!!






Sunday, 19 November 2017

চকুত চকুত পৰি মাথু এপলক দৃষ্টি
বুকুতে বাঁহ লয়,
ক্ষন্তেকতে এক অনাবিল সৃষ্টি
ধাৰাষাৰে নামি আছে,
এজাক বৃষ্টি...!!
তিতিবলৈ মন যায়...!!
এয়াই প্ৰেমৰ তুষ্টি...!!

 - Admin (Post_2012)

Wednesday, 8 November 2017

Princy Deori's

যোৱাকালি মোৰ শেষ দিন অাছিল,
সৌ নৈখনৰ পাৰতেই মোৰ সমাধিস্বল
দূৰৰপৰাই দেখি আছিলো,
কিদৰে মোৰ দেহটো দাওদাওকৈ জুইত জাহ গৈছিল
বুকুত এডাল এডালকৈ খৰি জাপি দিয়া,
মিতিৰ-কুটুম সকলোকে দেখিছিলো
কিন্তূ, এজোৰ চিনাকী চকু দেখা পোৱা নাছিলো,
বতাহত বিলীন হৈ আহিছিলো তোৰ ওচৰছাপি,
এখন বিছনাত কুছিমুছি শুই আছিলি তই,
মুৰত হাত বুলাই দিব খুজিও থমকি ৰৈছিলো
মোৰ যে, হাত দুখনেই নাছিল
মাতিব খুজিও মাতিব পৰা নাছিলো,
তোৰ ৰক্ত গোলাপৰ দৰে দুচকুৰ পৰা যেন তেজহে নিগৰিছে
মই পুণৰ ওভতি আহিলো নৈখনৰ পাৰলৈ
তোৰ মূৰত হাত বুলাব পৰাকৈ দুখনি হাত,
কিজানিবা এঙাৰদমৰ মাজত বিছাৰি পাঁও




Baishali's

অতীতক বিচাৰি যাওঁ 
পাহৰণিৰ বালিচৰাত,
আকৌ বিচাৰি যাওঁ 
স্মৃতিৰ ঘাঁহনি ডৰাত,
ভাগৰি ঘূৰি আহোঁ
তোমাক বিচাৰি নাপাওঁ...
মণিব পৰা সীমাত কেতিয়াবা দেখা পাওঁ,
কাষ চপাৰ আগতে হাততে হেৰুৱাও,
তথাপিও পোৱাৰ আশা..
পোৱা আৰু নোপোৱাক মনতে জুখি চাওঁ..
ক্লান্ত মন মোৰ শৰীৰো ক্লান্ত..
বিচাৰি ফুৰো কাক
হৃদয় অশান্ত...