যোৱাকালি মোৰ শেষ দিন অাছিল,
সৌ নৈখনৰ পাৰতেই মোৰ সমাধিস্বল ।
দূৰৰপৰাই দেখি আছিলো,
কিদৰে মোৰ দেহটো দাওদাওকৈ জুইত জাহ গৈছিল ।
বুকুত এডাল এডালকৈ খৰি জাপি দিয়া,
মিতিৰ-কুটুম সকলোকে দেখিছিলো।
কিন্তূ, এজোৰ চিনাকী চকু দেখা পোৱা নাছিলো,
বতাহত বিলীন হৈ আহিছিলো তোৰ ওচৰছাপি,
এখন বিছনাত কুছিমুছি শুই আছিলি তই,
মুৰত হাত বুলাই দিব খুজিও থমকি ৰৈছিলো
মোৰ যে, হাত দুখনেই নাছিল।
মাতিব খুজিও মাতিব পৰা নাছিলো,
তোৰ ৰক্ত গোলাপৰ দৰে দুচকুৰ পৰা যেন তেজহে নিগৰিছে ।
মই পুণৰ ওভতি আহিলো নৈখনৰ পাৰলৈ
তোৰ মূৰত হাত বুলাব পৰাকৈ দুখনি হাত,
কিজানিবা এঙাৰদমৰ মাজত বিছাৰি পাঁও ।
সৌ নৈখনৰ পাৰতেই মোৰ সমাধিস্বল ।
দূৰৰপৰাই দেখি আছিলো,
কিদৰে মোৰ দেহটো দাওদাওকৈ জুইত জাহ গৈছিল ।
বুকুত এডাল এডালকৈ খৰি জাপি দিয়া,
মিতিৰ-কুটুম সকলোকে দেখিছিলো।
কিন্তূ, এজোৰ চিনাকী চকু দেখা পোৱা নাছিলো,
বতাহত বিলীন হৈ আহিছিলো তোৰ ওচৰছাপি,
এখন বিছনাত কুছিমুছি শুই আছিলি তই,
মুৰত হাত বুলাই দিব খুজিও থমকি ৰৈছিলো
মোৰ যে, হাত দুখনেই নাছিল।
মাতিব খুজিও মাতিব পৰা নাছিলো,
তোৰ ৰক্ত গোলাপৰ দৰে দুচকুৰ পৰা যেন তেজহে নিগৰিছে ।
মই পুণৰ ওভতি আহিলো নৈখনৰ পাৰলৈ
তোৰ মূৰত হাত বুলাব পৰাকৈ দুখনি হাত,
কিজানিবা এঙাৰদমৰ মাজত বিছাৰি পাঁও ।
No comments:
Post a Comment