Wednesday, 20 December 2017

Assamese Poem_By Parash Porag Dutta

Admin Post-II
এচকল মেঘ শুই আছিল
পাহাৰৰ বুকুত....!!
শুই আছিল নে জাগি আছিল
ঠিক ধৰিব পৰা নাই...!!
কোনে কাৰ বুকুত খামুচি আছিল
কাৰ কোচঁৰ পৰা সৰি পৰিছিল নিয়ৰ...!!
উচুপি উঠিছিল শেৱালী...আৰু
মোলৈ চাই সুধিছিল
"
তোমিও নিকি"
চকু মেলি দেখিলো
সেমেকা চুতাল...!!
হয়তো ৰাতিৰ কিন কিনিয়া বৰষুণে তিয়াইছিল
এতিয়া ' ' পৰি আছে
চকলা চকল মেঘ...
আকাশৰ বুকু খামুচি....
নিচুকি উচুপি...!!





Friday, 15 December 2017

Admin_Post_Assamese_Sad_Poem_By Parash Porag Dutta

Admin_Post_Assamese_Sad_Poem
সকলোৱে লিখিছে
হৃদয়বিদাৰক ভাৱনাত এটি
প্ৰেমৰ কবিতা...!!
মইয়ো লিখো জানা,
নিশা আকোৱালি লৈ দোষৰ
কিছু হুমুনিয়াহ.......!!
নিলাহীন আকাশ,
নাই জোন, নাই তৰা
মাথো চকলা চকল ডাৱৰ
আৰু কিছু কলা কলা...!!








Assamese Poem Roi Jaii

ৰৈ যায়,,,,,,
ৰৈ যায় ,,,, ৰৈ যায় ...
ভাল লগা দিনবোৰ মনত ৰৈ যায় 
মন মোৰ গগন চুমি যায়
ৰৈ যায় ৰৈ যায় ....
গৈ থকা ডাৱৰবিলাক থমকি ৰৈ যায়
আনন্দত বৰষা টুপ টুপকৈ পৰি যায়
দেহ মো�ৰ শিতল হৈ যায় ।
গৌতম ৰাজবংশী

Wednesday, 13 December 2017

Assamese Sad Poem By Baishali (Otitor Xuworoni)

পাৰিবা নেকি বাৰু 
তুমি এবাৰ উভতি আহিবলে...
যদি পাৰা আহিবাচোন
এবাৰ উভতি মোৰ কাষলৈ...
মোৰ দুখবোৰত
পাৰা যদি পুনৰ আকৌ এবাৰ
বিলাই দিবা,
সুখৰ সেই মূহূৰ্তবোৰ...
মই যে নোৱাৰিছো জানা...
তোমাৰ অবিহনে জীৱন কটাবলৈ...
প্ৰতি পল তোমাক সাৱতি ৰাখিছো 
মোৰ মনৰ মাজত
আৰু জীয়াই ৰাখিছো
তোমাৰ সৈতে পাৰ কৰা
সেই মধুৰ সময়ৰ প্ৰতিটো মূহূৰ্ত...
কিয়নো সেই মূহূৰ্তবোৰৰ মাজতেই
আজি বিচাৰি পাইছো 
তোমাক আৰু তোমাৰ মৰমবোৰ...




Saturday, 2 December 2017

Assamese Romantic Poem অপেক্ষা মাথো তোমাৰ (Baishali's)

"অপেক্ষা মাথো তোমাৰ"
গতানুগতিক সময়ৰ এটা সন্ধিয়াত
মোৰ জীৱনত ভূমুকি মাৰিছিল...
সপোন সপোন যেন লগা
ভালপোৱাৰ বতাহজাকে....
এটা সন্ধিয়াত হোৱা চিনাকি আছিল
তোমাৰ লগত মোৰ প্ৰথম চিনাকি...
ভবা নাছিলোঁ এদিনৰ চিনাকি
সেই ছবিখনি
মোৰ মনৰ নিভাঁজ কোণত
আকুলতাৰে সাৱতি ৰাখিম বুলি.....
মোৰ জীৱনৰ সপোনবোৰৰ 
অন্য এটা নাম আছিল "তুমি"
তোমাৰ এষাৰ মাতত
মই মোৰ জীৱনটোক 
প্ৰতিদিনে এটা নতুন ৰূপত পাইছিলোঁ...
কিন্তু হঠাতে জানো 'ৰপৰা
এজাক কালধুমুহা আহিল
আৰু ভাঙি থান-বান কৰি থৈ '
আকুলভাৱে ধৰি ৰখা মোৰ
সপোনৰ পঁজাঘৰটো...
আমাৰ জীৱনটো দুদিনীয়া
সপোনবোৰো হয়তো দুদিনীয়া...
এই দুদিনীয়া জীৱনত 
এতিয়া মাথো এটাই আশা
কিজানিবা যোৰা লগাব পাৰোঁ
মোৰ সপোনৰ পঁজাঘৰটো....
মোৰ এই দুদিনীয়া জীৱনত,
এটিয়াও আছে অযুত আশা..
"
তুমি" নামৰ সেই সপোনবোৰক 
জীয়াই ৰখাৰ 
আৰু সেয়ে ৰৈ আছোঁ 
জীৱনৰ গতিত মই
মাথো তোমাৰ অপেক্ষাত...