পাৰিবা নেকি বাৰু
তুমি এবাৰ উভতি আহিবলে...
যদি পাৰা আহিবাচোন
এবাৰ উভতি মোৰ কাষলৈ...
মোৰ দুখবোৰত
পাৰা যদি পুনৰ আকৌ এবাৰ
বিলাই দিবা,
সুখৰ সেই মূহূৰ্তবোৰ...
মই যে নোৱাৰিছো জানা...
তোমাৰ অবিহনে জীৱন কটাবলৈ...
প্ৰতি পল তোমাক সাৱতি ৰাখিছো
মোৰ মনৰ মাজত
আৰু জীয়াই ৰাখিছো
তোমাৰ সৈতে পাৰ কৰা
সেই মধুৰ সময়ৰ প্ৰতিটো মূহূৰ্ত...
কিয়নো সেই মূহূৰ্তবোৰৰ মাজতেই
আজি বিচাৰি পাইছো
তোমাক আৰু তোমাৰ মৰমবোৰ...
যদি পাৰা আহিবাচোন
এবাৰ উভতি মোৰ কাষলৈ...
মোৰ দুখবোৰত
পাৰা যদি পুনৰ আকৌ এবাৰ
বিলাই দিবা,
সুখৰ সেই মূহূৰ্তবোৰ...
মই যে নোৱাৰিছো জানা...
তোমাৰ অবিহনে জীৱন কটাবলৈ...
প্ৰতি পল তোমাক সাৱতি ৰাখিছো
মোৰ মনৰ মাজত
আৰু জীয়াই ৰাখিছো
তোমাৰ সৈতে পাৰ কৰা
সেই মধুৰ সময়ৰ প্ৰতিটো মূহূৰ্ত...
কিয়নো সেই মূহূৰ্তবোৰৰ মাজতেই
আজি বিচাৰি পাইছো
তোমাক আৰু তোমাৰ মৰমবোৰ...
No comments:
Post a Comment