"অপেক্ষা মাথো তোমাৰ"
গতানুগতিক সময়ৰ এটা সন্ধিয়াত
মোৰ জীৱনত ভূমুকি মাৰিছিল...
সপোন সপোন যেন লগা
ভালপোৱাৰ বতাহজাকে....
এটা সন্ধিয়াত হোৱা চিনাকি আছিল
তোমাৰ লগত মোৰ প্ৰথম চিনাকি...
ভবা নাছিলোঁ এদিনৰ চিনাকি
সেই ছবিখনি
মোৰ মনৰ নিভাঁজ কোণত
আকুলতাৰে সাৱতি ৰাখিম বুলি.....
মোৰ জীৱনৰ সপোনবোৰৰ
অন্য এটা নাম আছিল "তুমি"
তোমাৰ এষাৰ মাতত
মই মোৰ জীৱনটোক
প্ৰতিদিনে এটা নতুন ৰূপত পাইছিলোঁ...
কিন্তু হঠাতে জানো ক'ৰপৰা
এজাক কালধুমুহা আহিল
আৰু ভাঙি থান-বান কৰি থৈ গ'ল
আকুলভাৱে ধৰি ৰখা মোৰ
সপোনৰ পঁজাঘৰটো...
আমাৰ জীৱনটো দুদিনীয়া
সপোনবোৰো হয়তো দুদিনীয়া...
এই দুদিনীয়া জীৱনত
এতিয়া মাথো এটাই আশা
কিজানিবা যোৰা লগাব পাৰোঁ
মোৰ সপোনৰ পঁজাঘৰটো....
মোৰ এই দুদিনীয়া জীৱনত,
এটিয়াও আছে অযুত আশা..
"তুমি" নামৰ সেই সপোনবোৰক
জীয়াই ৰখাৰ
আৰু সেয়ে ৰৈ আছোঁ
জীৱনৰ গতিত মই
মাথো তোমাৰ অপেক্ষাত...
গতানুগতিক সময়ৰ এটা সন্ধিয়াত
মোৰ জীৱনত ভূমুকি মাৰিছিল...
সপোন সপোন যেন লগা
ভালপোৱাৰ বতাহজাকে....
এটা সন্ধিয়াত হোৱা চিনাকি আছিল
তোমাৰ লগত মোৰ প্ৰথম চিনাকি...
ভবা নাছিলোঁ এদিনৰ চিনাকি
সেই ছবিখনি
মোৰ মনৰ নিভাঁজ কোণত
আকুলতাৰে সাৱতি ৰাখিম বুলি.....
মোৰ জীৱনৰ সপোনবোৰৰ
অন্য এটা নাম আছিল "তুমি"
তোমাৰ এষাৰ মাতত
মই মোৰ জীৱনটোক
প্ৰতিদিনে এটা নতুন ৰূপত পাইছিলোঁ...
কিন্তু হঠাতে জানো ক'ৰপৰা
এজাক কালধুমুহা আহিল
আৰু ভাঙি থান-বান কৰি থৈ গ'ল
আকুলভাৱে ধৰি ৰখা মোৰ
সপোনৰ পঁজাঘৰটো...
আমাৰ জীৱনটো দুদিনীয়া
সপোনবোৰো হয়তো দুদিনীয়া...
এই দুদিনীয়া জীৱনত
এতিয়া মাথো এটাই আশা
কিজানিবা যোৰা লগাব পাৰোঁ
মোৰ সপোনৰ পঁজাঘৰটো....
মোৰ এই দুদিনীয়া জীৱনত,
এটিয়াও আছে অযুত আশা..
"তুমি" নামৰ সেই সপোনবোৰক
জীয়াই ৰখাৰ
আৰু সেয়ে ৰৈ আছোঁ
জীৱনৰ গতিত মই
মাথো তোমাৰ অপেক্ষাত...
No comments:
Post a Comment