অন্তহীন আশা বুকুত বান্ধি
আৰম্ভ কৰিছিলো লিখিবলৈ
দুই এটা শব্দৰ গাঁথনি দি
সুৰ হোৱা এটি প্ৰেমৰ কবিতা
কিন্তু…..
অপ্ৰেমৰ হিয়াৰ বাগিছাত নুফুলিল
প্ৰেম নামৰ সুগন্ধি ফুল পাহ
নিসংগতাৰ হুমুনিয়াহবোৰে
লিখিবলৈ শিকালে বিৰহৰ
এটি হৃদয় বিদাৰক কবিতা,
আশাবোৰ সকলো হৈ ৰ’ল আধৰুৱা
এতিয়া কেৱল স্মৃতি হৈ ৰৈছে
মোৰ সেই আধালিখা কবিতা…!!
No comments:
Post a Comment