মোৰ স্বপ্ন প্ৰদেশৰ
অদৃশ্য আকাশী ৰথেৰে নামি অহা
টলকা চকুৱা সেই মেঘালী চুলিৰ
ধুনীয়া ছোৱালী জনী,
তোমাক ভাল লাগে….!!
সপোনত তোমাক
চুই চাবলৈ কিনো ভয় লাগে নাজানো
লাজে লাজে গৈ কব খোজোতেই
কিয় জানো মোৰ টুপনি ভাঙে…!!
সুধিবলৈ মন যায় তোমাক
আচলতে মেঘালী চুলিৰ ভাজত
এমুঠি মৰম ৰাখিছা কাৰ বাবে…!!
-
পৰশ পৰাগ দত্ত
4 comments:
😍😍😍💝
Thank u
Awesome
https://www.facebook.com/profile.php?id=61563802972959&mibextid=ZbWKwL
Apunar kobita aei jone sur kori nijor statusot logai wah wah loise
Post a Comment