Thursday, 19 July 2018

A Sweet Romantic Poem BY Jastrina Devi “আজাৰফুলীয়া হাঁহিটি ভাল পোৱা ল'ৰাটো”


“আজাৰফুলীয়া হাঁহিটি ভাল পোৱা 'ৰাটো
তুমি যানো এবাৰ চাইছা নে
তোমাৰ নিজৰ মিথা বৰনীয়া হাঁহিটি ???
খুব মৰম লাগে জানা...!!!
তোমাৰ গুলপীয়া ওঁঠ দুটিৰে ভাহি অহা মৃদু হাঁহিটি
কলা ৰংটিয়ে তোমাক আৰু 
বেছি মৰম লগা কৰিতোলে যানানে!!!🕴🕴
যানো বাৰু 'লা ৰং তোমাৰ খুব প্রিয়,
এবাৰ নিজৰ চবিখনো চাবাচোন
নিৰৱতাত কল্পনা কৰি
বহু কথাই বুজাব তোমাক
সেই মিথা হাঁহিৰ চবিখনে..!!
                            -     Jastirna Devi




Wednesday, 11 July 2018

Mur Adha Likha KObita, Admin Post_ Parash Porag Dutta


অন্তহীন আশা বুকুত বান্ধি
আৰম্ভ কৰিছিলো লিখিবলৈ
দুই এটা শব্দৰ গাঁথনি দি
সুৰ হোৱা এটি প্ৰেমৰ কবিতা
কিন্তু..
অপ্ৰেমৰ হিয়াৰ বাগিছাত নুফুলিল
প্ৰেম নামৰ সুগন্ধি ফুল পাহ
নিসংগতাৰ  হুমুনিয়াহবোৰে
লিখিবলৈ শিকালে বিৰহৰ
এটি হৃদয় বিদাৰক কবিতা,
আশাবোৰ সকলো হৈ ৰ’ল আধৰুৱা
এতিয়া কেৱল স্মৃতি হৈ ৰৈছে
মোৰ সেই আধালিখা কবিতা!!
              - Parash Porag Dutta






Tuesday, 10 July 2018

Romantic Assamese Poem By Dipshikha -কবিতা নিলিখা ল’ৰাটো


কবিতা নিলিখা ৰাটো.....!!
তোমাৰ আনমনা মনটোৱে কাৰ
সপোন ৰচে বানে?
তুমিটো শব্দৰ মালাৰে কবিতা ৰচা
নাই কেতিয়াওঁ..
কিন্ত তোমাৰ প্ৰতিটো শব্দই মোৰ
বাবে এটি ছন্দময় কবিতা!
তোমাৰ সৰল-নিভাঁজ কথাবোৰত,,
জীয়াই থকাৰ হেপাঁহবোৰ বিচাৰি পাওঁ যেতিয়া,
মোক কোনোৱে প্ৰশ্ন কৰে,
"
ভালপোৱা" মানে কি?
মই কওঁ,ইমান গধুৰ শব্দৰ বোজা
কঢ়িয়াই ভালপোৱাৰ সংজ্ঞা দিব নোৱাৰো মই!মোৰ বাবে,
ভালপোৱা মানে তুমিআৰু
তুমি মানেই ভালপোৱা!!
                                          - Dipshikha Gohain


Thursday, 5 July 2018

Assamese Poem by Kankana Kalita


ব্যস্ততাবোৰ শেষ হ’লেই
নিসংগতাই ধৰে আৱৰি
টোপনিও আজিকালি নলয় চোন আঁকোৱালি
অনুভৱৰ শেতেলিত
ৰাতিবোৰ পাৰ হৈ যায় উজাগৰি
উত্তৰ বিহীন প্ৰশ্নবোৰৰ
উত্তৰ বিচাৰি!!
                                                                                           - Kankana Kalita


Thursday, 7 June 2018

New Assamese Poem By Parash Porag Dutta


সপোনে, দিঠক, তোমাক পোৱাৰ
ক্ষণ গণো অবেলি, গধুলি
এক্ষন্তেকো ৰ’ব নোৱাৰো
তোমাক নেদেখিলে আজি কালি
বিৰহৰ বেদনাত মই মৰো জ্বলি জ্বলি!!
এইয়াই প্ৰেম নিকি নাজানো
ইয়ে কৰে মোক কিমান যে আমনি!
কেতিয়াবা হঠাতে দুচকু উঠে সেমেকি
আৰু কেতিয়াবা.
বুকুৰ কামিহাড়ো যাব খোজে ভাঙি.!!

- Parash Porag Dutta



Wednesday, 23 May 2018

Assamese Romantic Poem BY Parash Porag Dutta


মোৰ কলমৰ নিবত বৰষে
মুকুতাৰ দৰে সৰিপৰা নিয়ৰ
বৰষে জোনাক নিশা
তৰাৰ তিৰবিৰনি
আৰু বৰষে.
জোনৰ জোনাকত, নিজৰাৰ পাৰত
নাচি ফুৰা সেই
জোনাকী পৰুৱা জনী!!

                                          -পৰশ পৰাগ দত্ত





Tuesday, 8 May 2018

Assamese Sad PoEM


পাৰা পাৰহীন সপোন বুকুত বান্ধি
আহিছিলো তাহাঁনিতে
প্ৰশান্তি বিছাৰি সুখৰ!!
সপোন সুখৰ ৰ’দকাঁচলিত বহি
বহু কথা পাতিছিলো মনৰ!
শৈশৱ, কৈশোৰ, যৌৱন
কেনি জানো পাৰ হৈ গল
ৰিণিকি ৰিণিকি মনত পৰে
অতিতৰ স্মৃতি ধুসৰ!!
- Parash Porag Dutta

Friday, 27 April 2018

Assamese Poem Xopun_By_PPD


এটি সপোনে বহুদিন ধৰি কৰিছে আমনি
আমনি, সপোনবোৰ মায়াবী.!!
মই নজনা নহয়
সপোনবোৰ আৰু বেছি যটিল কৰি তুলিছা তুমি
এটা সপোনৰ ভিতৰত আন এটা সপোন ৰচিছা তুমি
সপোন প্ৰদেশৰ সকলো কাহিনিত
মুখ্য চৰিত্ৰ তুমি..!!
হয়তু তুমি নাজানা
তুমি মোৰ সপোনৰ ভিতৰত আছা
হাজাৰ সপোন খেলি.!!


Friday, 9 February 2018

Assamese Poem By Parash Porag Dutta


মোৰ স্বপ্ন প্ৰদেশৰ
অদৃশ্য আকাশী ৰথেৰে নামি অহা
টলকা চকুৱা সেই মেঘালী চুলিৰ
ধুনীয়া ছোৱালী জনী,
তোমাক ভাল লাগে.!!
সপোনত তোমাক
চুই চাবলৈ কিনো ভয় লাগে নাজানো
লাজে লাজে গৈ কব খোজোতেই
কিয় জানো মোৰ টুপনি ভাঙে!!
সুধিবলৈ মন যায় তোমাক
আচলতে মেঘালী চুলিৰ ভাজত
এমুঠি মৰম ৰাখিছা কাৰ বাবে!!

-       পৰশ পৰাগ দত্ত



Wednesday, 7 February 2018

Assamese Sad Poem By Parash Porag dutta


মেঘাচ্ছ্ন্ন আকাশত জোনাকৰ জোন জ্বলাই
কোনে কাৰ বুকুত খামুচি ধৰিছিল!!
নীলা চাদৰত সপোনবোৰ কোনে আঁকিদিছিল
সন্ধিয়াৰ আকাশলৈ  নিৰবে কোনে চাইছিল
কাৰ বাবে কোনে আশাৰ চাকি জ্বলাৰ সপোন দেখিছিল
হয়তো তুমি নুবুজিলা!!
তোমাক হৃদয়ৰ শুৱনী কুঠাত চিৰদিন
মৰমে মেৰিয়াই ৰাখিবলৈ হয়তো
সেয়া মোৰ ভুল আছিল..!!
প্ৰতাৰণা কৰি এৰি গলা অন্ধকাৰ সানি
আঁজোৰি নিলা জোনাকৰ চাকি
এবাৰো নাভাবিলা কিদৰে বা আছো জীয়াই
তোমাৰ স্মৃতিবোৰ সামৰি!!




Saturday, 27 January 2018

আউশিৰ আকাশত কিচুমান নীলা
নিশব্দ এটা সোৰ হোৱা কবিতা
এমুথি জোনাক, তুমাৰ হাহিৰ
কিজানিা চিত্ৰলেখাৰ কল্পনা….!!
এখন পুৰণি ফটো.
এজনী তুমি,
আৰু দুশাৰীমান প্ৰেমৰ কবিতা..............


- Parash Porag Dutta

Assamese Poem By Parash Porag Dutta

সৃষ্টিৰ কামনাৰে পাহৰো মই
ধংসৰ বেদনা
চিগাৰেটৰ ধুঁৱাত উৰে মোৰ
জীৱনৰ প্ৰেৰণা
ৰাতিৰ অন্ধকাৰৰ পাছত যেনেকৈ
পোৱাৰ কিৰণৰ উজ্বলতা
মোৰ জীৱনতো আছে
দুখ আৰু সুখৰ নিজৰা
তোমাক পোৱাতো যেনেকৈ
এক অলিক কল্পনা
তোমাক নোপোৱটো মোৰ বাবে এক
সুৰাৰ ৰাগিত মগ্ন এক মাতাল সন্ধ্যা......!!

- পৰশ পৰাগ দত্ত

Friday, 26 January 2018

Assamese Poem Abujon Hridoy By Baishali

"অবুজন হৃদয়"
শীতৰ এটা সন্ধিয়াৰ আবেলিত
তুমি আহিছিলা মোৰ জীৱনলৈ 
ভালপোৱাৰ বৰষুণ হৈ
বিয়পাই দিছিলা মোৰ ওঁঠত
'ৰবাত হেৰাই যোৱা হাঁহিটো...
দুচকুৱে নেদেখাকৈ আৰম্ভ হোৱা 
আমাৰ চিনাকি
এদিন বাস্তৱ হৈ ধৰা দিছিল
মোৰ চকুৰ আগত..
কি আছিল তোমাৰ সেই চাৱনিত 
মই নাজানো..,
কিন্তু সেই চাৱনিয়ে মোৰ হৃদয়ত এক
অবুজ শিহৰণ জগাই তুলিছিল..
যেতিয়া তুমি মোৰ ফালে চাইছিলা
মোৰ লাজত হৃদয় কঁপি উঠিছিল...
কি আছিল সেয়া
সেয়াই আছিল নি বাৰু প্ৰেম
হয়তো মই তোমাৰ প্ৰেমত পৰিছিলো
কিন্তু ' বিচৰা নাছিলো মই
তোমাক হেৰুৱাৰ ভয়ত...
তুমি বুজি উঠিছিলা মোৰ মনৰ ভাব
আকোৱালি লব বিচাৰিছিলা মোক
তোমাৰ মনৰ মাজত
আঁকি দিছিলা মোৰ দুচকুত 
ভালপোৱাৰ কাজলসনা ৰংবোৰ...
কিন্তু দুদিনৰ কাৰণে আহি 
ধুমুহাৰ দৰে আঁতৰি গলা তুমি
আৰু পুনৰ জীৱনৰ বাটত
অকলশৰীয়া হৈ পৰিলো মই..
হেৰাই গল হেপাঁহবোৰ,আশাবোৰ
নাইকিয়া হৈ গল ভালপোৱাৰ প্ৰতি বিশ্বাস..
দুদিনৰ কাৰণে আহি
মুখত অলপ হাঁহি বিৰিঙাই আঁতৰি গলা তুমি...
কেনেকৈ বুজাও নিজক
মোৰ অবুজন হৃদয়ে যে 
এতিয়াও তোমাকে বিচাৰে..
                                      "
বৈশালী"