Saturday, 27 January 2018

আউশিৰ আকাশত কিচুমান নীলা
নিশব্দ এটা সোৰ হোৱা কবিতা
এমুথি জোনাক, তুমাৰ হাহিৰ
কিজানিা চিত্ৰলেখাৰ কল্পনা….!!
এখন পুৰণি ফটো.
এজনী তুমি,
আৰু দুশাৰীমান প্ৰেমৰ কবিতা..............


- Parash Porag Dutta

Assamese Poem By Parash Porag Dutta

সৃষ্টিৰ কামনাৰে পাহৰো মই
ধংসৰ বেদনা
চিগাৰেটৰ ধুঁৱাত উৰে মোৰ
জীৱনৰ প্ৰেৰণা
ৰাতিৰ অন্ধকাৰৰ পাছত যেনেকৈ
পোৱাৰ কিৰণৰ উজ্বলতা
মোৰ জীৱনতো আছে
দুখ আৰু সুখৰ নিজৰা
তোমাক পোৱাতো যেনেকৈ
এক অলিক কল্পনা
তোমাক নোপোৱটো মোৰ বাবে এক
সুৰাৰ ৰাগিত মগ্ন এক মাতাল সন্ধ্যা......!!

- পৰশ পৰাগ দত্ত

Friday, 26 January 2018

Assamese Poem Abujon Hridoy By Baishali

"অবুজন হৃদয়"
শীতৰ এটা সন্ধিয়াৰ আবেলিত
তুমি আহিছিলা মোৰ জীৱনলৈ 
ভালপোৱাৰ বৰষুণ হৈ
বিয়পাই দিছিলা মোৰ ওঁঠত
'ৰবাত হেৰাই যোৱা হাঁহিটো...
দুচকুৱে নেদেখাকৈ আৰম্ভ হোৱা 
আমাৰ চিনাকি
এদিন বাস্তৱ হৈ ধৰা দিছিল
মোৰ চকুৰ আগত..
কি আছিল তোমাৰ সেই চাৱনিত 
মই নাজানো..,
কিন্তু সেই চাৱনিয়ে মোৰ হৃদয়ত এক
অবুজ শিহৰণ জগাই তুলিছিল..
যেতিয়া তুমি মোৰ ফালে চাইছিলা
মোৰ লাজত হৃদয় কঁপি উঠিছিল...
কি আছিল সেয়া
সেয়াই আছিল নি বাৰু প্ৰেম
হয়তো মই তোমাৰ প্ৰেমত পৰিছিলো
কিন্তু ' বিচৰা নাছিলো মই
তোমাক হেৰুৱাৰ ভয়ত...
তুমি বুজি উঠিছিলা মোৰ মনৰ ভাব
আকোৱালি লব বিচাৰিছিলা মোক
তোমাৰ মনৰ মাজত
আঁকি দিছিলা মোৰ দুচকুত 
ভালপোৱাৰ কাজলসনা ৰংবোৰ...
কিন্তু দুদিনৰ কাৰণে আহি 
ধুমুহাৰ দৰে আঁতৰি গলা তুমি
আৰু পুনৰ জীৱনৰ বাটত
অকলশৰীয়া হৈ পৰিলো মই..
হেৰাই গল হেপাঁহবোৰ,আশাবোৰ
নাইকিয়া হৈ গল ভালপোৱাৰ প্ৰতি বিশ্বাস..
দুদিনৰ কাৰণে আহি
মুখত অলপ হাঁহি বিৰিঙাই আঁতৰি গলা তুমি...
কেনেকৈ বুজাও নিজক
মোৰ অবুজন হৃদয়ে যে 
এতিয়াও তোমাকে বিচাৰে..
                                      "
বৈশালী"