তুমি মোৰ দুঃখ বোৰ ধুই
নিবলে নাহিবা……!!
মই
যিদৰে আছো তেনেদৰে থাকিবলে দিয়া ৷
ভালপোৱাৰ খৰিকাজাঁই
নতুবা হাছনাহানাৰ ঠিকনা মোৰ বুকুত নুগুজিবা ৷
আকিঁ নিদিবা কপালত সুখৰ বেলি ৷
অনুৰোধ তোমাক....
কাহানিও মোক ভালপাওঁ বুলিও নকবা ৷
থাকিবলৈ দিয়া এই হৃদয়…
এই দুঃখ… এই প্রেম… এই
ব্যৰ্থতা মোৰ….
তুমি মোৰ দুঃখ বোৰ ধুই
নিবলে নাহিবা
দুঃখবোৰ নাথাকিলে..
কেনেকৈ বুজিম তুমিহীনতাৰ
যন্ত্রণা কিমান ?
তোমাক পোৱাৰ আকুলতা কিমান ?
তোমাক কিমান ভালপাওঁ
তাৰ হিচাপ এই
দুঃখবোৰে দিয়ে বাৰে বাৰে মোক
সেইহে……..
তুমি মোৰ দুঃখ বোৰ ধুই
নিবলে নাহিবা…!!
নিবলে নাহিবা……!!
মই
যিদৰে আছো তেনেদৰে থাকিবলে দিয়া ৷
ভালপোৱাৰ খৰিকাজাঁই
নতুবা হাছনাহানাৰ ঠিকনা মোৰ বুকুত নুগুজিবা ৷
আকিঁ নিদিবা কপালত সুখৰ বেলি ৷
অনুৰোধ তোমাক....
কাহানিও মোক ভালপাওঁ বুলিও নকবা ৷
থাকিবলৈ দিয়া এই হৃদয়…
এই দুঃখ… এই প্রেম… এই
ব্যৰ্থতা মোৰ….
তুমি মোৰ দুঃখ বোৰ ধুই
নিবলে নাহিবা
দুঃখবোৰ নাথাকিলে..
কেনেকৈ বুজিম তুমিহীনতাৰ
যন্ত্রণা কিমান ?
তোমাক পোৱাৰ আকুলতা কিমান ?
তোমাক কিমান ভালপাওঁ
তাৰ হিচাপ এই
দুঃখবোৰে দিয়ে বাৰে বাৰে মোক
সেইহে……..
তুমি মোৰ দুঃখ বোৰ ধুই
নিবলে নাহিবা…!!
- - পৰশ পৰাগ দত্ত
No comments:
Post a Comment